Welcome To Kitap Ghar

Kitapghar.com is a place of book library where people get E-Books in cheap price rate.
We promise that we deliver all the books in a reliable price for everyone
THANK YOU FOR VISITING

Phone

+91 8134032713

Email

support@kitapghar.com

Address

Sivasagar,Assam

মামণি ৰয়ছম গোস্বামী

মামণি ৰয়ছম গোস্বামী (ইংৰাজী: Mamoni Raisom Goswami, জন্ম:১৯৪২ – মৃত্যু:২০১১) হৈছে অসমৰ এগৰাকী জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক। তেখেতৰ প্ৰকৃত নাম আছিল ইন্দিৰা গোস্বামী। সততে মামণি বাইদেউ হিচাবে তেখেতক জনা যায়।[3] তেখেতে মাতৃভাষা অসমীয়াৰ উপৰিও ইংৰাজী ভাষাতো সাহিত্যকৃতি সৃষ্টি কৰিছিল। ৰামায়ণী সাহিত্যৰ গৱেষক হিচাপে মাধৱ কন্দলীৰ ৰামায়ণৰ গৱেষণাত ডক্টৰেট ডিগ্ৰী লাভ কৰা ড॰ গোস্বামীয়ে দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা বিভাগৰ অধ্যাপিকা স্বৰূপে অৱসৰ গ্ৰহণ কৰিছিল।

গল্পকাৰ হিচাবে আত্মপ্ৰকাশ কৰা ড॰ গোস্বামীৰ ৰচনাৰ ভিতৰত উল্লেখযোগ্য উপন্যাস হৈছে অহিৰণচেনাবৰ স্ৰোতনীলকণ্ঠী ব্ৰজমামৰে ধৰা তৰোৱালতেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠাদঁতাল হাতীৰ উঁয়ে খোৱা হাওদাআধা লেখা দস্তাবেজসংস্কাৰউদয়ভানুৰ চৰিত্ৰ ইত্যাদি। তেখেতে ১৯৮২ চনত সাহিত্য অকাডেমি বঁটা[4] আৰু ২০০০ চনত ভাৰতীয় জ্ঞানপীঠ বঁটা[5] লাভ কৰিছিল। তেখেত ভাৰতৰ প্ৰথম Principal Prince Claus Laureate (২০০৮) আছিল।[6]

অসমত জনপ্ৰিয় লেখিকাগৰাকীয়ে অসমৰ বিদ্ৰোহী সংগঠন সংযুক্ত মুক্তি বাহিনী, অসমক অস্ত্ৰ-সম্বৰণ আৰু জনজীৱনলৈ প্ৰত্যাবৰ্তনৰ বাবে আহ্বান জনাই চৰকাৰ আৰু সংগঠনটোৰ আলোচনাৰ জৰিয়তে শান্তি স্থাপনৰ প্ৰচেষ্টাতো জড়িত আছিল।

জীৱন

[সম্পাদনা কৰক]

শৈশৱ

[সম্পাদনা কৰক]

১৯৪২ চনত মামণি ৰয়ছম গোস্বামীৰ গুৱাহাটীত জন্ম হৈছিল। জন্মতে তেখেতৰ নাম আছিল ইন্দিৰা গোস্বামী। পিতৃৰ নাম আছিল উমাকান্ত গোস্বামী আৰু মাতৃৰ নাম অম্বিকা দেৱী। উমাকান্ত গোস্বামী এসময়ত কটন কলেজৰ অধ্যক্ষ থকাৰ উপৰিও পিছলৈ অসমৰ প্ৰথম শিক্ষাধিকাৰ হৈছিল।[7] মামণি ৰয়ছমৰ সৰুকালচোৱা আমৰঙা সত্ৰত অতিবাহিত হৈছিল। তেখেতৰ খুৰাক চন্দ্ৰকান্ত গোস্বামী সত্ৰৰ সত্ৰাধিকাৰ আছিল।

শিক্ষা

[সম্পাদনা কৰক]

গুৱাহাটীৰ লতাশিল প্ৰাথমিক বিদ্যালয়, তৎকালীন অসমৰ ৰাজধানী শ্বিলঙৰ “পাইন মাউণ্ট স্কুল” আৰু পিছলৈ গুৱাহাটীৰ তাৰিণীচৰণ বালিকা বিদ্যালয়ত মামণি ৰয়ছমে শিক্ষা গ্ৰহণ কৰিছিল। তেখেতে গুৱাহাটীৰ সন্দিকৈ বালিকা মহাবিদ্যালয়ৰ পৰা আই এ পাচ কৰে।[7] ১৯৬০ চনত অসমীয়া ভাষা ‘মেজৰ’ হিচাবে কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পিছত ১৯৬৩ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে।

বৈবাহিক আৰু বৃন্দাবনী জীৱন

[সম্পাদনা কৰক]

১৯৬২ চনত হিন্দুস্তান কন্‌ষ্ট্ৰাক্‌শ্যন কোম্পানীৰ অভিযন্তা হিচাপে ব্ৰহ্মপুত্ৰৰ শৰাইঘাট দলং নিৰ্মাণ কৰিবলৈ মাধৱেন ৰয়ছম আয়েংগাৰ অসমলৈ আহিছিল। ১৯৬৩ চনৰ চ’ত মাহত মাধৱেনে মামণি ৰয়ছম গোস্বামীক বিয়াৰ প্ৰস্তাৱ দিছিল।[8] ১৯৬৫ চনৰ অক্টোবৰ মাহত জগলীয়াৰ পাৰৰ সত্ৰত মামণি ৰয়ছম গোস্বামী আৰু মাধৱেন আয়েংগাৰৰ হিন্দু ৰীতি-নীতি মতে বিবাহ সম্পন্ন হয়। তাৰ পিছত স্বামীৰ লগত তেওঁৰ কৰ্মক্ষেত্ৰ কাশ্মীৰলৈ গুচি যায়। পিচে বিবাহৰ ১৮ মাহৰ পাচতে ১৯৬৭ চনৰ ১৫ এপ্ৰিলৰ পুৱতি নিশা এক পথ দুৰ্ঘটনাত মাধৱেনৰ অকাল মৃত্যু হয়।[8][9] এই ঘটনাই মামণি ৰয়ছমৰ জীৱন আৰু সাহিত্যত সুদূৰপ্ৰসাৰী প্ৰভাব পেলায়।

বিপৰ্য্যস্ত মামণি ৰয়ছম মানসিকভাবে বিষাদগ্ৰস্ত হৈ পৰিছিল। ১৯৮৮ চনত প্ৰকাশ পোৱা আত্মজীৱনী আধা লেখা দস্তাবেজত তেওঁ লিখিছে যে হতাশাত তেওঁ কেতিয়াবা আনকি আত্মহত্যাৰ কথাও ভাবিছিল।[9] তেওঁক সান্তনা দিবলৈ শৈশৱৰ স্মৃতি আৰু দেউতাকৰ চিঠিৰ বাহিৰে অন্য কোনো সমল নাছিল।[10] ১৯৬৮ চনত মামণি ৰয়ছমে গোৱালপাৰাৰ সৈনিক স্কুলত শিক্ষকতা কৰিবলৈ লয়। কিছুদিন পাছত তেখেতৰ শিক্ষক উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ পৰামৰ্শক্ৰমে বৃন্দাবনত থাকিবলৈ গুচি গৈছিল।[11][12] তাতে থকা সময়তে ১৯৬৯ চনত বৃন্দাবন ইন্‌ষ্টিটিউট অৱ অ’ৰিয়েণ্টেল ফিল’ছফীত উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ অধীনত গৱেষণা আৰম্ভ কৰিছিল। বৃন্দাবনৰ বিচিত্ৰ অভিজ্ঞতাৰ ভিত্তিতে মামণি ৰয়ছমে পৰবৰ্তীকালত তেখেতৰ ‌এখন অন্যতম শক্তিশালী উপন্যাস “নীলকণ্ঠী ব্ৰজ” ৰচনা কৰে। তেখেতৰ অন্য এখন বিখ্যাত উপন্যাস গংগাৰ পৰা ব্ৰহ্মপুত্ৰ উপন্যাসৰ ভেটিটোও ইয়াতেই গঢ় লৈছিল।[13]

১৯৭১ চনত তেখেতে দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা-সাহিত্য অধ্যয়ন বিভাগত অসমীয়া বিষয়ৰ অধ্যাপিকা হিচাপে যোগদান কৰে আৰু ইয়াৰেপৰাই তেওঁ সেই বিভাগৰ মুৰব্বীৰূপে অৱসৰ গ্ৰহণ কৰিছিল। তুলসীদাসৰ ৰামচৰিতমানস আৰু মাধৱ কন্দলীৰ অসমীয়া ৰামায়ণৰ তুলনামূলক অধ্যয়নৰ বাবে তেখেতে ১৯৭২ চনত বৃন্দাবনৰ ‘ইনষ্টিটিউট অৱ অৰিয়েন্টেল ফিল’ছফী’ৰপৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল।[14]

অন্তিম সময়

[সম্পাদনা কৰক]

মামণি ৰয়ছম গোস্বামী “হাওঁফাওঁৰ সংক্ৰমণ” আৰু বিভিন্ন ৰোগত আক্ৰান্ত হৈ প্ৰায় আঠটা মাহ সংকটজনক অৱস্থাত আছিল।[15] সেয়ে তেওঁক গুৰগাঁৱৰ এখন চিকিৎসালয়ত চিকিৎসা কৰি থকা হৈছিল। অৱশেষত তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰ কৰা হয়।[15] ২০১১ চনৰ ২৯ নবেম্বৰ তাৰিখে পুৱা ৭ বাজি ৪৬ মিনিটত অসমৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মামণি ৰয়ছম গোস্বামীয়ে শেষ নিশ্বাস ত্যাগ কৰে।[16][2]

শান্তিদূত

[সম্পাদনা কৰক]

২২ জুন ২০০৬ তাৰিখে ভাৰত চৰকাৰ আৰু PCG-ৰ সদস্যসকলৰ সৈতে এখন বৈঠকত মামণি ৰয়চম গোস্বামী

২০০৪ চনত মামনি ৰয়ছমে অসমৰ স্বাধীনতাকামী সংগঠন সংযুক্ত মুক্তি বাহিনী, অসমক (ULFA) হিংসা পৰিত্যাগ কৰিবলৈ আহ্বান জনাই সংগঠনটোৰ নেতৃবৃন্দ আৰু চৰকাৰৰ মাজত আলোচনা অনুষ্ঠিত হোৱাত সহায় কৰাৰ প্ৰয়াস কৰিছিল।[17] সেই প্ৰয়াসলৈ সঁহাৰি জনাই সংগঠনটোৱে অসমৰ বিশিষ্ট নাগৰিক আৰু প্ৰচাৰ মাধ্যমৰ প্ৰতিনিধিক লৈ People’s Consultive Group (PCG) গঠন কৰে। PCG -ৰ মাধ্যমেৰে সংগঠনটোৰ চৰকাৰৰ লগত তিনিলানী আলোচনা অনুষ্ঠিত হৈছিল।[18] ইয়াৰে এবাৰত ভাৰতৰ প্ৰধানমন্ত্ৰী ড॰ মনমোহন সিঙেও ভাগ লৈছিল। প্ৰধানমন্ত্ৰীয়ে ড॰ গোস্বামীৰ জৰিয়তে সংগঠনটোৰ সকলো মুখ্য দাবীৰ বিষয়ে আলোচনাৰ বাবে ইচ্ছা প্ৰকাশ কৰি সংগঠনটোলৈ চিঠি লিখিছিল।[17] অৱশ্যে ইয়াত সংগঠনটোৰ মুখ্য দাবী “সাৰ্বভৌম অসম”ৰ বিষয়ে উল্লেখ নাছিল।[19]

জীৱনৰ অভিজ্ঞতা আৰু সাহিত্য

[সম্পাদনা কৰক]

মামণি ৰয়চম গোস্বামীৰ সাহিত্যত তেখেতৰ জীৱনৰ প্ৰভাব স্পষ্ট। এই কথা তেখেতে নিজৰ আত্মজীৱনী “আধালেখা দস্তাবেজ” আৰু অন্যান্য প্ৰসংগতো একাধিকবাৰ উল্লেখ কৰিছে।

“I try to write from the direct experiences of my life. I only mould these experiences with my imagination.”

মুখ্যতঃ ঔপন্যাসিকা হিচাপেহে বেছিকৈ জনপ্ৰিয় এইগৰাকী প্ৰতিভাবান লেখিকাই মাতৃভাষা অসমীয়াৰ উপৰিও ইংৰাজী ভাষাতো অনেক নান্দনিক আৰু গৱেষণামূলক সৃষ্টিৰে সাহিত্যৰ লগতে শৈক্ষিক আৰু সামাজিক ক্ষেত্ৰতো অৰিহণা আগবঢ়াই গৈছে।

তেখেতৰ সাহিত্যকৰ্মসমূহে সাধাৰণ মানুহৰ বাস্তৱ জীৱনৰ কঠোৰ সত্য প্ৰতীয়মান কৰিলেও তেখেতৰ প্ৰকাশভংগী অত্যন্ত সংবেদনশীল। ২০০৮ চনত প্ৰিন্সিপাল প্ৰিন্স ক্ল’ছ সন্মান গ্ৰহণ কৰিবলৈ যাওঁতে আমষ্টাৰডামৰ “দা পাৱাৰ অব আৰ্ট” পত্ৰিকাত দিয়া এক সাক্ষাৎকাৰত মামণি ৰয়ছমে কৈছিল, “যিহেতু বিষয়বস্তু ৰূক্ষ, কাব্যিক ভাষা প্ৰয়োগ কৰিবই লাগিব। মাকে সন্তানক দিয়াৰ দৰেই ইয়াক ৰক্ষণাবেক্ষণ দিব লাগিব। মোৰ গল্প হৈছে কঠোৰ বাস্তৱক লৈ লিখা, কিন্তু মই ইয়াক সাহিত্যলৈ ৰূপান্তৰিত কৰি পেলাওঁ, অন্যথা ই এখন প্ৰচাৰ পত্ৰিকাহে হ’বগৈ। তাৰবাবে নিজে শিল্পী হ’ব লাগিব, এজন মহান শিল্পী, অন্যথা জনতাই ইয়াক নপঢ়িব।”[20]

“সৰ্বসাধাৰণ মানুহৰ অভিজ্ঞতা জীৱন্তভাৱে সাহিত্যত ফুটাই উঠাব পৰা মামণি ৰয়ছম এগৰাকী অসাধাৰণ প্ৰতিভাসম্পন্ন লিখিকা। চিত্ৰকল্প বৰ্ণনাৰে তেখেতে মানুহৰ কাৰ্য্যকলাপত নস্বৰতাৰ প্ৰাধান্য, কেনেকৈ ৰাজনৈতিক, ধাৰ্মিক আৰু সাংস্কৃতিক প্ৰথাসমূহত নস্বৰতা প্ৰতিফলিত হয় আৰু কেনেকৈ জীৱনধাৰা, শাৰীৰিক অস্তিত্ব (gender), বয়ষ, দাৰিদ্ৰ্য, আৰু সংঘাতত ই প্ৰভাৱ বিস্তাৰ কৰে তাক স্পষ্টভাবে পৰিস্ফুট কৰে।”

প্ৰিন্সিপাল প্ৰিন্স ক্ল’ছ সন্মানৰ সময়ত জুৰী, ২০০৮[21][22]

২০০৮ চনত “প্ৰিন্সিপাল প্ৰিন্স ক্ল’ছ সন্মান”ৰ বাবে মামণি ৰয়ছমক নিৰ্বাচিত কৰা জুৰীসকলৰ মতে, “সৰ্বসাধাৰণ মানুহৰ অভিজ্ঞতা জীবন্ত ভাবে সাহিত্যত ফুটাই উঠাব পৰা মামণি ৰয়ছম এগৰাকী অসাধৰণ প্ৰতিভাসম্পন্ন লিখিকা। চিত্ৰকল্প বৰ্ণনাৰে তেখেতে মানুহৰ কাৰ্য্যকলাপত নস্বৰতাৰ প্ৰাধান্য, কেনেকৈ ৰাজনৈতীক, ধাৰ্মিক আৰু সাংস্কৃতিক প্ৰথাসমূহত নস্বৰতা প্ৰতিফলিত হয় আৰু কেনেকৈ জীৱনধাৰা, শাৰীৰিক অস্তিত্ব (gender), বয়স, দাৰিদ্ৰ্য, আৰু সংঘাতত ই প্ৰভাৱ বিস্তাৰ কৰে তাক স্পষ্টভাবে পৰিস্ফুট কৰে।” মামণি ৰয়ছমক সামাজিক সংস্কৃতিত শাৰীৰিক অস্তিত্বৰ প্ৰভাব অনুধাবন, প্ৰকাশ আৰু অনন্য সাহিত্যৰ জৰিয়তে তেখেতৰ প্ৰভাবশালী সামাজিক তথা সাংস্কৃতিক কৰ্মৰ বাবে উক্ত সন্মান প্ৰদান কৰা হৈছে।[20]

উপন্যাস

[সম্পাদনা কৰক]

প্ৰধান প্ৰবন্ধ: মামণি ৰয়ছম গোস্বামীৰ উপন্যাস

বিভিন্ন সামাজিক স্থিতি, বিভিন্ন পেছা, ধৰ্ম, সম্প্ৰদায়ৰ ব্যক্তিৰ সমদল সৃষ্টি হৈছে তেওঁৰ উপন্যাসসমূহত। উচ্চ শিক্ষিত সমাজৰ তাত্ত্বিক চিন্তাকো উপন্যাসৰ বিষয়বস্তু কৰি তোলা হৈছে। প্ৰতিখন উপন্যাসেই জীয়া ঘটনাৰ ওপৰত আধাৰিত।[23] মামণি ৰয়ছম গোস্বামী একমাত্ৰ অসমীয়া ঔপন্যাসিকা যাৰ উপন্যাসত ভাৰতবৰ্ষ তথা পৃথিৱীৰ বহু প্ৰান্তৰ প্ৰেক্ষাপট হিচাপে ব্যৱহৃত হৈছে। কাশ্মীৰ, দিল্লী, মধ্য প্ৰদেশ, উত্তৰ প্ৰদেশ, নেপাল, মৰিছাছ, মালয়েছিয়া, চিংগাপুৰ, কুঁৱালামপুৰ, হংকং, ফ্ৰান্স, পেৰিচ আদি ঠাইৰ পটভূমিত তেওঁ উপন্যাস ৰচনা কৰিছে। গল্পকাৰ হিচাবে আত্মপ্ৰকাশ কৰা ড॰ গোস্বামীৰ ৰচনাৰ ভিতৰত অহিৰণ, চেনাবৰ স্ৰোত, নীলকণ্ঠী ব্ৰজ, মামৰে ধৰা তৰোৱাল, তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা, দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা, আধা লেখা দস্তাবেজ, সংস্কাৰ, উদয়ভানুৰ চৰিত্ৰ আদি উল্লেখযোগ্য উপন্যাস। ভিন্ন ভিন্ন পটভূমি লৈ লিখা এই উপন্যাস সমূহত মামণি ৰয়ছমে মুখ্যতঃ নাৰীৰ ক্ষেত্ৰত সামাজিক সংস্কাৰৰ অসাৰতা আৰু বৈষম্য[উদ্ধৃতিৰ প্ৰয়োজন] চিত্ৰায়িত কৰা দেখা যায়। নীলকণ্ঠী ব্ৰজসংস্কাৰ আদি উপন্যাস তেখেতে নাৰীক মুখ্য কৰি লিখিছে। মামণি ৰয়ছমৰ সাহিত্য কৰ্মৰাজীৰ বিষয়ে লেখক মহৰ্ষি লালে এইদৰে কয়, “ইন্দিৰা গোস্বামীৰ বিচিত্ৰ আৰু পৰিপুষ্ট সকলো ৰচনাকে এডাল সূতাই বান্ধি ৰাখিছে – ই হ’ল নাৰীৰ প্ৰতি তেখেতৰ সংবেদনশীলতা… কাহিনীৰ জটিলতা তথা সূক্ষ্ম বৰ্ণনাৰ মাজতো প্ৰতিভাবান লেখিকাই ভাৰতীয় নাৰীৰ স্বাধীনতাৰ পথত প্ৰত্যাহ্বানসমূহ দ্যৰ্থতাৰ অৱকাশ নৰখাকৈ ফুটাই তুলিছে।”দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা

দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা উপন্যাসখনৰ প্ৰেক্ষাপট হ’ল দক্ষিণ কামৰূপৰ আমৰঙা সত্ৰ আৰু সত্ৰক কেন্দ্ৰ কৰি গঢ় লৈ উঠা সমাজখন।[23] মামণি ৰয়ছম গোস্বামীয়ে কামৰূপীয়া ঠাচৰ অসমীয়া ভাষাৰে ৰচনা কৰিছে। সত্ৰৰ অধিকাৰ গোসাঁইৰ ঘৰখনক কেন্দ্ৰ কৰিয়েই উপন্যাসখনৰ কাহিনী নিৰ্মাণ কৰা হৈছে। ইয়াত দ্বিতীয় মহাযুদ্ধৰ শেষৰ ফালৰ সময়ৰ পৰিবেশত আধুনিকতাৰ প্ৰৱেশত ভাগি পৰিবলৈ আৰম্ভ কৰা সামাজিক গোড়ামিৰ এখন চিত্ৰ চিত্ৰায়িত কৰা হৈছে। এই উপন্যাসখন তেখেতে নিজেই ইংৰাজীলৈও অনুবাদো কৰিছিল। কিতাপখনৰ পাতনিত তেখেতে লিখিছে -“….লিখকে নিজে অনুবাদ নকৰি অন্য ব্যক্তিয়ে কৰিবলৈ কঠিন হ’লহেতেন। অসমীয়া ভাষাৰ কামৰূপী ঠাচ বুজি পোৱা মানুহ খুব কমেইহে ওলাব। তদুপৰি ভাষাটোৰ কিছুমান শব্দৰ প্ৰচলনো আজি কালি নাইকিয়া হ’ল।”[24] উপন্যাসখনৰ বাবে লাভ কৰা জ্ঞানপীঠ বঁটা স্বীকাৰ কৰা সময়ত লেখিকাৰ ভাষণত উপন্যাসখনৰ মূল চৰিত্ৰ “দুৰ্গা” নামৰ বাল্য বিধবা গৰাকীয়ে ভোগ কৰা যাতনাৰ প্ৰসংগত তেখেতে সেই সময়ৰ উচ্চবংশীয় বিধবাৰ হতাশাৰ কথা বৰ্ণনা কৰি কৈছিল যে, লিখাৰ শক্তি নথকা হ’লে হয়তো তেওঁ আত্মহত্যাই কৰিলেহেঁতেন।নীলকণ্ঠী ব্ৰজ

নীলকণ্ঠী ব্ৰজ উপন্যাসখন ড॰ মামণি ৰয়ছম গোস্বামীয়ে বৃন্দাবনক পটভূমি হিচাপে লৈ ৰচনা কৰিছে। উপন্যাসখনৰ কেন্দ্ৰীয় চৰিত্ৰ হৈছে সৌদামিনী, এগৰাকী কম বয়সীয়া উচ্চবংশীয় বিধবা। উচ্চ হিন্দু পৰিয়ালৰ বিধবাৰ গন্তব্যস্থল বৃন্দাবনত তেওঁলোকে সন্যাসিনীৰ জীৱন নিৰ্বাহ কৰে, শৰীৰ আৰু মনৰ পৰিশুদ্ধিৰ কাৰণে। এগৰাকী কমবয়সীয়া বিধবাৰ শৰীৰ আৰু মনৰ কেনেধৰণৰ পৰিবৰ্তন ঘটে আৰু ই কেনেকৈ তেওঁৰ পাছৰ জীৱন ইয়াৰ দ্বাৰা প্ৰভাবিত হয় মই তাকেই দেখুৱাব খুজিছোঁ।” – ১৯৮৬ চনত “নীলকণ্ঠী ব্ৰজ”ৰ ইংৰাজী সংস্কৰণ “Shadow of Dark God” (অনুবাদক প্ৰফুল্ল কাকতি) -অৰ উদ্‌ঘাটন সমাৰোহত মামণি ৰয়ছমে কৈছিল। বিধবা হোৱাৰ পাছত ঘৰত তেওঁক চোৱাচিতা কৰিবলৈ ভাই-ককাই, পিতাক আদি থকা সত্ত্বেও বৃন্দাবনত সন্যাসিনীৰ জীৱন যাপন কৰিবলৈ অহা উচ্চশিক্ষিতা সৌদামিনীয়ে বৈধব্যৰ অৰ্থ অনুধাবন কৰিবলৈ চেষ্টা কৰিছে, বিশ্লেষণ কৰিছে, আৰু শেষত ইয়াক প্ৰত্যাখ্যান কৰিছে।[25]

কম বয়সতে স্বামীহাৰা হোৱা কুলীন বংশৰ উচ্চশিক্ষিতা মামণি ৰয়ছম নিজ ঘৰৰ গোড়া, বঞ্চনামূলক জীৱন যাপনৰ অৱসান ঘটাই অন্য সাধন থকা অন্যান্য সমসাময়িক উচ্চশিক্ষিতা ভাৰতীয় নাৰীৰ দৰে লণ্ডনলৈ গুচি যাব পাৰিলেহেঁতেন, কিন্তু তেখেতে “হিন্দু সংস্কৃতিৰ কেন্দ্ৰ” বৃন্দাবনহে গ্ৰহণ কৰিলে। বৃন্দাবনত গৈ তেখেতে বৈধব্যৰ “পাপ” মূৰ পাতি লোৱা বিধৱাসকলৰ গ্লানিপূৰ্ণ জীৱন প্ৰণালী ওচৰৰ পৰা প্ৰত্যক্ষ কৰিছে। লাহে লাহে মামণি ৰয়ছমৰ মনৰ আঘাত শুকাবলৈ আৰম্ভ কৰিলে।[26] তেওঁৰ মন ৰামায়ণ গৱেষণাৰ প্ৰতি আকৃষ্ট হয় আৰু বৃন্দাবন এৰি ৰামায়ণৰ বিষয়ে গৱেষণা কৰিবলৈ গুচি যায়।আধা লেখা দস্তাবেজ

আধা লেখা দস্তাবেজ মামণি ৰয়ছম গোস্বামীৰ আত্মজীৱনী। ইয়াত তেখেতে কোনো ধৰণৰ লুক-ধাক নকৰাকৈ নিজৰ জীৱন পাঠকৰ আগত উপস্থাপন কৰিছে। সৰুতে সত্ৰৰ পৰিবেশত ডাঙৰ দীঘল হোৱা কুলীন গোড়া বংশৰ ছোৱালী মামণি ৰয়ছমে সৰুকালৰ জীৱনৰ চিত্ৰ বৰ্ণনাৰ লগতে সত্ৰৰ ধাৰ্মিক আচাৰপূৰ্ণ পৰিবেশো বৰ্ণনা কৰিছে। সেই পৰিবেশত এগৰাকী কম বয়সীয়া বিধবাৰূপে জীৱনৰ সন্মুখীন হৈ কিদৰে তেওঁ হতাশাত ভাগি পৰিছিল তাৰ বৰ্ণনা দিছে। মামণি ৰয়ছম গোস্বামীয়ে ৰচনা কৰা উপন্যাস সমূহৰ মূল ধাৰা আছিল কঠোৰ বাস্তৱৰ ধাৰাত দলিত-নিস্পেষিত মানুহৰ বিশেষকৈ নাৰীৰ জীৱনৰ বঞ্ছনা আৰু গ্লানি। এই উপন্যাসখনতো ইয়াৰ চিত্ৰ অংকন প্ৰতিফলিত হৈছে।

সাহিত্য পঞ্জী

[সম্পাদনা কৰক]

উপন্যাসচেনাবৰ স্ৰোত (১৯৭২)নীলকণ্ঠী ব্ৰজ (১৯৭৬)অহিৰণ (১৯৮০)মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস (১৯৮০)দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা (১৯৮৮)সংস্কাৰ, উদয়ভানুৰ চৰিত্ৰ ইত্যাদি (১৯৮৯)ঈশ্বৰী জখমী যাত্ৰী ইত্যাদি (১৯৯১)তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা (১৯৯৪)মামনি ৰয়ছম গোস্বামীৰ উপন্যাস সমগ্ৰ (১৯৯৮)দাশৰথীৰ খোজ (১৯৯৯)ছিন্নমস্তাৰ মানুহটো (২০০১)থেংফাখ্ৰী তহচিলদাৰৰ তামৰ তৰোৱাল (২০০৬)চুটিগল্পচিনাকি মৰম (১৯৬২)কইনা (১৯৬৬)হৃদয় এক নদীৰ নাম (১৯৯০)মামনি ৰয়ছমৰ স্বনিৰ্বাচিত গল্প (১৯৯৮)মামনি ৰয়ছম গোস্বামীৰ প্ৰিয় গল্প (১৯৯৮)আত্মজীৱনীআধা লিখা দস্তাবেজ (১৯৮৮)দস্তাবেজৰ নতুন পৃষ্ঠা (২০০৭)জীৱনীমহিয়সী কমলা (১৯৯৫)মা (২০০৮)অনুবাদপ্ৰেমচন্দৰ চুটিগল্প (১৯৭৫)আধা ঘণ্টা সময় (১৯৭৮)জাতক কথা (১৯৯৬)কলম (১৯৯৬)আহ্নিক (২০০০)ইংৰাজীRamayana from Ganga to Brahmaputra (১৯৯৬)সম্পাদনাএৰি অহা দিনবোৰ (ড॰ মলয়া খাউন্দৰ সৈতে, ১৯৯৩)Indian folklore

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]

১৯৮২- সাহিত্য অকাডেমি বঁটা (“মামৰে ধৰা তৰোৱাল”ৰ বাবে)[27]১৯৮৮- অসম সাহিত্য সভা বঁটা১৯৮৯- ভাৰত নিৰ্মাণ বঁটা১৯৯২- উত্তৰ প্ৰদেশ হিন্দী সংস্থানৰ সৌহাদ্য বঁটা১৯৯৩- কথা ৰাষ্ট্ৰীয় সাহিত্যিক বঁটা১৯৯৬- কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা২০০০- জ্ঞানপীঠ বঁটা২০০২- পশ্চিম বঙ্গৰ ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ ডি. লিট. সন্মান২০০২- মহিয়সী জয়মতী বঁটা২০০২- পদ্মশ্ৰী বঁটা (ল’বলৈ অস্বীকাৰ কৰে)২০০৭- ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়, অৰুণাচল প্ৰদেশৰ দ্বাৰা ডি. লিট সন্মান২০০৮- ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ দ্বাৰা ডি. লিট সন্মান২০০৮- এছিয়াটিক চ’চাইটিৰ ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ বঁটা২০০৮- প্ৰিন্স ক্ল’ছ বঁটা২০০৯- অসম সাহিত্য সভাৰ কৃষ্ণকান্ত সন্দিকৈ বঁটা২০০৯- দিল্লী বিশ্ববিদ্যালয়ৰ Professor Emeritus সন্মানInter Religious and International Federation for World Peaceৰ শান্তি দূত বঁটাRamayana From Ganga To Brahmaputra গ্ৰন্থৰ বাবে Florida International Universityৰ “আন্তৰ্জাতিক তুলসী বঁটা”২০১৩- মৰণোত্তৰভাৱে ‘অসম ৰত্ন‘ বঁটা[28]

অন্যান্য

[সম্পাদনা কৰক]

  • “দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা”ৰ ভিত্তিত ১৯৯৬ চনত দূৰদৰ্শনৰ ৰাষ্ট্ৰীয় চেনেলৰ বাবে দুলাল ৰয়ে ৰুমা ঘোষৰ পৰিচালনাৰে “কামৰূপ কী কাহানীয়া” শীৰ্ষক হিন্দী ধাৰাবাহিক নিৰ্মাণ কৰে।[29]
  • “দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা”ৰ ভিত্তিত ১৯৯৬ চনত ড॰ সান্ত্বনা বৰদলৈয়ে “অদাহ্য” নামৰ বোলছবি নিৰ্মাণ কৰে।[30]
  • একে নামৰ উপন্যাসৰ আধাৰত ৰঞ্জিত দাসে “সংস্কাৰ” শীৰ্ষক বোলছবি নিৰ্মাণ কৰে। ছবিখন কলকাতা ছবি মহোৎসৱ আৰু দূৰদৰ্শনত প্ৰদৰ্শিত হয়।
  • “Words from the Mist” মামণি ৰয়ছম গোস্বামীৰ জীৱনৰ বিষয়ে জাহ্নু বৰুৱাই নিৰ্মাণ কৰা এখন তথ্যচিত্ৰ।[31]

অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত

[সম্পাদনা কৰক]

মামণি ৰয়ছম গোস্বামী কেইবাটাও অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আছিল।[32]

কাৰ্যকালঅনুষ্ঠান
১৯৮৮ – ১৯৯২সাহিত্য অকাডেমিৰ উপদেষ্টা কমিটিৰ সদস্য
২০০৩-২০০৫সাহিত্য অকাডেমিৰ সাধাৰণ পৰিষদৰ সদস্য
দিল্লী বিশ্ববিদ্যালয়ৰ একাডেমিক কাউঞ্চিলৰ সদস্য
১৯৮২- ১৯৯২দিল্লী বিশ্ববিদ্যালয়ৰ ৰিছাৰ্চ কমিটীৰ সদস্য
১৯৪৯ – ১৯৯২দিল্লী বিশ্ববিদ্যালয়ৰ আৰ্টছ ফেকাল্টি
দিল্লী বিশ্ববিদ্যালয়ৰ কমপেৰেটিভ ইণ্ডিয়ান এছ’চিয়েশ্যনৰ সদস্য
দিল্লী বিশ্ববিদ্যালয়ৰ গান্ধী ভৱনৰ মেনেজিং কমিটীৰ সদস্য
২০০৪ভাৰত চৰকাৰৰ পৰিকল্পনা আয়োগৰ পৰামৰ্শদাতা
অসমৰ শংকৰদেৱ কলাক্ষেত্ৰ সদস্য
ভাৰত চৰকাৰৰ ৰাজা ৰামমোহন লাইব্ৰেৰিৰ সদস্য
বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা ব’ৰ্ড অব্‌ ষ্টাডিজত সদস্যভূক্ত
পঞ্জাব বিশ্ববিদ্যালয়ৰ ব’ৰ্ড অব্‌ ষ্টাডিজৰ কনভেনৰ
১৯৯০-১৯৯৫নতুন দিল্লীৰ ভাৰতীয় লেখক সন্থাৰ সদস্য
নেশ্যনেল পীপ্‌ল লিবাৰেশ্যনৰ এছেম্বলিৰ সদস্য
২০০৬বিশ্ব শান্তিৰ বাবে মংগোলীয়ান পীপ্‌লছ ফেডাৰেশ্যনৰ সদস্য
নতুন দিল্লীৰ নেশ্যনেল বুক ট্ৰাষ্ট অব্‌ ইণ্ডিয়াৰ অসমীয়া উপদেষ্টা মণ্ডলীৰ সদস্যভুক্তি
১৯৯০-১৯৯৫দিল্লী বিশ্ববিদ্যালয়ৰ মিৰিণ্ডা হাউছৰ গভৰ্নিং বডীৰ সদস্য
দিল্লী বিশ্ববিদ্যালয়ৰ কলেজ অব্‌ আৰ্টছৰ গভৰ্নিং বডীৰ সদস্য
নতুন দিল্লীৰ কে কে বিৰলা ফাউণ্ডেশ্যনৰ অসমীয়া ভাষা সমিতিৰ সদস্য
দিল্লীৰ নেশ্যনেল লাইব্ৰেৰিৰ ইন্‌ষ্টিটিউশ্যনৰ সদস্য
ৱাৰ্ধাৰ ইণ্টাৰনেশ্যনেল মহাত্মা গান্ধী বিশ্ববিদ্যালয়ৰ সদস্য
১৯৯০-২০০০ৰে’লৱে হিন্দী ভাষা চালাহকাৰ সমিতিৰ সদস্য
২০০২ পৰ্যন্তঅসম সাহিত্য সভাৰ দিল্লী শাখাৰ সভাপতি
২০০২আগ্ৰাৰ কেন্দ্ৰীয় হিন্দী শিক্ষণ মণ্ডলৰ সদস্য
(কেন্দ্ৰীয় মানৱ সম্পদ মন্ত্ৰালয়ৰ অধীনস্থ)

Leave a Reply

Your email address will not be published. Required fields are marked *

Review Your Cart
0
Add Coupon Code
Subtotal