Welcome To Kitap Ghar

Kitapghar.com is a place of book library where people get E-Books in cheap price rate.
We promise that we deliver all the books in a reliable price for everyone
THANK YOU FOR VISITING

Phone

+91 8134032713

Email

support@kitapghar.com

Address

Sivasagar,Assam

নৱকান্ত বৰুৱা

নৱকান্ত বৰুৱা (ইংৰাজী: Nabakanta Barua) অসমীয়া সাহিত্য জগতৰ এটি প্ৰসিদ্ধ নাম। তেওঁ একেধাৰে এগৰাকী কবি, শিশু সাহিত্যিক আৰু ঔপন্যাসিক।[1] ‘এখুদ ককাইদেউ’ বৰুৱাৰ জনপ্ৰিয় ছদ্মনাম। তেওঁ সীমা দত্ত ছদ্মনামেৰেও তিনিটা কবিতা ৰচনা কৰিছিল।[2] জীৱনৰ প্ৰথমটো কবিতা চিলেথতে লিখা বাবে নন্দ তালুকদাৰে তেওঁক চিলেঠীয়া কবি বুলিছিল।[2]মোৰ আৰু পৃথিৱীৰ’ কাব্য গ্ৰন্থৰ বাবে তেওঁ অসম প্ৰকাশন পৰিষদ বঁটা (১৯৭৪) লাভ কৰিছিল। ১৯৭৫ চনত ‘ককাদেউতাৰ হাড়’ উপন্যাসৰ বাবে তেওঁ ভাৰতৰ ৰাষ্ট্ৰীয় সাহিত্যিক অনুষ্ঠান সাহিত্য অকাডেমিয়ে প্ৰদান কৰা সাহিত্য অকাডেমি বঁটা আৰু ১৯৭৬ চনত ভাৰত চৰকাৰে প্ৰদান কৰা পদ্মভূষণ বঁটা লাভ কৰিছিল। ইয়াৰ উপৰি তেওঁ ১৯৯৩ চনত অসম উপত্যকা সাহিত্য বঁটা আৰু ১৯৯৮ চনত কমল কুমাৰী ফাউণ্ডেচনে প্ৰদান কৰা ‘কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা’ লাভ কৰিছিল। ১৯৯০ চনত নৱকান্ত বৰুৱাই অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰে।[1]

তেওঁ কটন কলেজৰ ইংৰাজী বিষয়ৰ অধ্যাপক আছিল। সুদীৰ্ঘ দিন অধ্যাপনা আৰু বিদ্যায়তনিক কৰ্মৰ লগত জড়িত থকাৰ উপৰিও নৱকান্ত বৰুৱা সাহিত্য অকাডেমি, ভাৰতীয় প্ৰগতিশীল লেখক মহাসংঘ, অসম প্ৰগতিশীল শিল্পী-সাহিত্যিক সংঘ, অসম সাহিত্য সভাআনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা আদি অনুষ্ঠানৰ সৈতে সক্ৰিয়তাৰে জড়িত আছিল। [3] নৱকান্ত বৰুৱা কবি, ৰাজনীতিবিদ দেৱকান্ত বৰুৱাৰ ভাতৃ।

নৱকান্তৰ কবিতাবোৰে আধুনিক অসমীয়া কবিতাক এক অনন্য মাত্ৰা প্ৰদান কৰি থৈ গৈছে। নৱকান্ত বৰুৱাৰ প্ৰতিখন কবিতা-পুথি কায়িক জীৱনৰ সৌন্দৰ্য, প্ৰেমৰ মাধুৰী, মৃত্যু, ৰহস্য আদি বিবিধ বিষয়বস্তুৰে সমৃদ্ধ। তেওঁৰ কবিতাবোৰত ৰবীন্দ্ৰনাথ ঠাকুৰ, এলিয়ট, হুইটমেন তথা খলিল জিব্ৰানৰ কবিতাৰ কিছু কিছু প্ৰভাৱ দেখা পোৱা যায় যদিও এক নিজস্ব স্বকীয়তা তেওঁৰ সমূহ কাব্যসম্ভাৰত বিদ্যমান।[উদ্ধৃতিৰ প্ৰয়োজন] তেখেতৰ বহু সমাদৃত কবিতাসমূহৰ ভিতৰত অন্যতম হল ‘মনত পৰেনে অৰুন্ধতী’, ‘ইয়াত নদী আছিল’, ‘পলস’, ‘ৰাৱন’, ‘মহাকাব্যৰ পাণ্ডুলিপি’, ‘ক্ৰমশঃ’ আদি। তেওঁৰ কবিতা প্ৰসঙ্গত মহেন্দ্ৰ বৰাই উল্লেখ কৰিছে, “এহাতে ৰবীন্দ্ৰনাথ, আনহাতে ইলিয়ট। এয়ে বোধকৰোঁ নৱকান্ত বৰুৱাৰ কাব্য-পৰিক্ৰমাৰ কুমেৰু-সুমেৰু। মাজত আৰু বহুতো বিখ্যাত, অখ্যাত আৰু কুখ্যাত কবিৰ হেঁচা-ঠেলা।” (অৱতৰণিকা, “নতুন কবিতা”) (প্ৰকাশ, আগষ্ট, ২০১৯, পৃষ্ঠা-৪)

জন্ম আৰু বংশ পৰিচয়

[সম্পাদনা কৰক]

আহোমৰ দিনত নগাঁৱৰ কলিয়াবৰ আৰু দৰঙৰ চতিয়া অঞ্চলকে খৰঙি বোলা হৈছিল। এই অংশত বসবাস কৰা বৰুৱা সকল আছিল খৰঙি বৰুৱা । ইংৰাজৰ শাসন কালত খৰঙি বৰুৱাৰ পৰিয়ালটো নগাঁৱৰ পুৰণিগুদাম অঞ্চললৈ উঠি আহে। এই খৰঙি বৰুৱা পৰিয়ালেই নৱকান্ত বৰুৱাৰ পূৰ্বপুৰুষ। বৰুৱাৰ ককাদেউতাৰ হাড় কিতাপখন খৰঙি বৰুৱা পৰিয়ালৰ ইতিহাস। এই উপন্যাসখনত নৱকান্ত বৰুৱাই তেওঁৰ ককাক সম্ভু বৰুৱাৰ জীৱনৰ আধাৰত খৰঙি বৰুৱাৰ ঘৰৰ নিৰাময় মৌজাদাৰ চৰিত্ৰটি অংকন কৰিছে।[2]

নৱকান্ত বৰুৱাৰ জন্ম হৈছিল গুৱাহাটীত, ১৯২৬ চনৰ ২৯ ডিচেম্বৰত।[4] তেওঁৰ পিতৃ নীলকান্ত বৰুৱাই শিক্ষা বিভাগৰ সহ পৰিদৰ্শক ৰূপে বৰপেটা আৰু গুৱাহাটীত চাকৰি কৰিছিল। ঘোঁৰাত উঠি চাকৰি কৰিবলৈ অসুবিধা পাই তেওঁ নগাঁৱৰ চৰকাৰী হাইস্কুলত শিক্ষক ৰূপে যোগদান কৰে।[2] ১৯৩৯ চনত তেওঁ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে আৰু ১৯৪৪ চনত তেওঁৰ মৃত্যু হয়।[2] নৱকান্ত বৰুৱাৰ মাতৃৰ নাম স্বৰ্ণলতা বৰুৱাণী। নৱকান্ত বৰুৱাৰ ভাতৃ তিনিগৰাকী : দেৱকান্ত, জীৱকান্ত আৰু শিৱকান্ত। তেওঁৰ ভাতৃ দেৱকান্ত বৰুৱাও অসমৰ অন্যতম শ্ৰেষ্ঠ কবিসকলৰ ভিতৰত এজন।[5]

গুৱাহাটীত জন্ম গ্ৰহণ কৰিলেও নৱকান্তৰ শৈশৱ-কৈশোৰ আৰু যৌৱন পাৰ হৈছিল নগাঁৱতে। জন্ম সূত্ৰে তেওঁ ঘৰৰ পৰাই এটি সাংস্কৃতিক পৰিৱেশ পাইছিল। ৰবীন্দ্ৰনাথ, নজৰুল, শৰৎ চন্দ্ৰ কৈশোৰতে পঢ়ি শেষ কৰিছিল আৰু নৱম শ্ৰেণীত পঢ়ি থাকোঁতে প্ৰথমখন কবিতা পুথি ‘মুক্তি’ লিখি উলিয়াইছিল।[2]

শিক্ষা

[সম্পাদনা কৰক]

নৱকান্ত বৰুৱাৰ শিক্ষা জীৱনৰ আৰম্ভণি ঘটিছিল এখন বালিকা স্কুলত। পিছত তেওঁ চৰকাৰী মজলীয়া স্কুললৈ আহে। ইংৰাজৰ শাসনকালত ইয়াক বঙলা স্কুল বোলা হৈছিল। হেডমাষ্টৰ আছিল উপাৰ্জন শইকীয়া। এই বঙলা স্কুলতে ক, খ আৰু প্ৰথম শ্ৰেণী পঢ়ি নৱকান্ত বৰুৱাই ১৯৩৩ চনত নগাওঁ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ক্লাচ থ্ৰিত নাম ভৰ্তি কৰে আৰু তাৰেপৰাই তেওঁ ১৯৪১ চনত সুখ্যাতিৰে মেট্ৰিকুলেশ্যন পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত ভৰ্তি হয়। কিন্তু সন্নিপাত জ্বৰত ভুগি বহুত দিনলৈ বিচনা ল’ব লগা হোৱাত তেওঁৰ পঢ়া-শুনাত ব্যাঘাত জন্মে আৰু কটনৰ ছাত্ৰ-জীৱন সিমানতে অন্ত পৰে।[2]

ইতিমধ্যে নৱকান্তৰ দেউতাক নীলকান্ত বৰুৱাই চাকৰিৰ পৰা অৱসৰ লোৱা বাবে ই পৰিয়ালটোৰ আৰ্থিক অৱস্থাত প্ৰভাৱ পেলাইছিল। কলিকতাৰ শান্তিনিকেতনত পঢ়াটো আছিল গুৱাহাটীত পঢ়াতকৈ কম খৰছী। সেয়ে বৰুৱাই ১৯৪৩ চনত উচ্চ শিক্ষাৰ বাবে কলিকতাৰ শান্তিনিকেতনলৈ যায়। শান্তিনিকেতনত পঢ়ি থাকোঁতেই দেউতাকৰ মৃত্যু হোৱাত অধ্যক্ষ অনিল চন্দ্ৰই বৰুৱাৰ বি এ পৰীক্ষাৰ ফিজৰ দায়িত্ব লয়। এই প্ৰসংগত নৱকান্তই ডন কুইকচ’ট’ শীৰ্ষক আত্মজীৱনী মূলক কবিতাটিত লিখিছিল[2]

“পৰিচয় মোৰ কলেজৰ ছাত্ৰ
বহুত দিনৰ ফীজ যদিও বাকী
কিন্তু মই যে প্ৰেমিক, ইন্টেলেকচুৱেল কবি।

এবাৰ বাহিৰলৈ চাওঁ
জোনটো দেখোঁ
বিধৱাৰ দৰে বগা ডাৱৰৰ কাপোৰ পিন্ধা
বিধৱা আইলৈ মনত পৰি হঠাতে মনত পৰে
কাইলৈ ফীজ নিদিলে নহ’ব পৰীক্ষা দিয়া।”

১৯৪৭ চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা বুৰঞ্জী, বঙলা ভাষা (দ্বিতীয় ভাষা), অসমীয়া (ভাৰ্ণেকুলাৰ) আৰু ইংৰাজী বিষয়ত অনাৰ্ছ সহ স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়। নৱকান্ত বৰুৱাই ১৯৫৩ চনত উত্তৰ প্ৰদেশৰ আলীগড় মুছলিম বিশ্ববিদ্যালয় পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[6]

শান্তিনিকেতনত পঢ়ি থাকোঁতেই নৱকান্তই কিছুদিন কলা ভৱনত চিত্ৰকলাৰ শিক্ষাও গ্ৰহণ কৰিছিল আৰু দুই-চাৰিখন ছবি আঁকিছিল। তেওঁ নিজৰ কাব্য গ্ৰন্থ হে ‘অৰণ্য, হে মহানগৰ’ আৰু উপন্যাস কপিলীপৰীয়া সাধু (প্ৰথম সংস্কৰণ)ৰ বেটুপাত নিজে অংকন কৰিছিল।[2] তাৰোপৰি, ড° বীৰন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ গ্ৰন্থ ‘ৰাজপথে ৰিঙিয়ায়’, প্ৰফুল্ল দত্ত গোস্বামীৰ ‘শেষ ক’ত’, পৰাগ চলিহাৰ ‘চাৰি হাজাৰ বছৰৰ অসম’ আৰু কটন কলেজত অধ্যাপনা কৰা সময়ছোৱাত ‘কটনিয়ান’ৰ কেইবাটাও সংখ্যাৰ বেটুপাত নৱকান্ত বৰুৱাই অংকন কৰিছিল।[2]

কৰ্মজীৱন

[সম্পাদনা কৰক]

উত্তৰ প্ৰদেশৰ শিকোহাবাদত অৱস্থিত এ. কে. মহাবিদ্যালয়ত শিক্ষকতা বৃত্তিৰে নৱকান্ত বৰুৱাই নিজৰ বৰ্ণময় কৰ্মজীৱন আৰম্ভ কৰিছিল। কিছুদিন তাত শিক্ষকতা কৰাৰ পাছত তেওঁ যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰে। ১৯৫৪ চনত তেওঁ গুৱাহাটীৰ কটন মহাবিদ্যালয়লৈ বদলি হৈ আহে আৰু তাৰেপৰাই তেওঁ ১৯৮৪ চনত উপাধ্যক্ষ ৰূপে অৱসৰ গ্ৰহণ কৰে।[2] নৱকান্ত বৰুৱাই মাজতে ১৯৬৪ চনৰপৰা ১৯৬৭ চনলৈ তিনিবছৰ কাল অসম চৰকাৰৰ মাধ্যমিক শিক্ষা পৰিষদত ইংৰাজী শিক্ষাৰ বিষয়া ৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল।[2][7]

২০০২ চনৰ ১৪ জুলাই তাৰিখে শ্বাস-প্ৰশ্বাসজনিত ৰোগত ভুগি বৰুৱাৰ মৃত্যু হয়।[7]

বিদেশ ভ্ৰমণ

[সম্পাদনা কৰক]

সাহিত্য কৃতি

[সম্পাদনা কৰক]

বৰুৱাক অসমীয়া আধুনিক কবিতাৰ নৱজাগৰণ বুলি গণ্য কৰা হৈছিল। বৰুৱাৰ লেখাবোৰ আছিল সেই সময়ৰ পৰিপ্ৰেক্ষিতত অতি সমসাময়িক। তেওঁ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত কবিতাৰেই নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু স্বাধীনতাৰ পিছৰ পৰ্যায়ৰ আশে-পাশে তেওঁৰ সাহিত্য ৰচনাৰ উত্থান ঘটিছিল। সাহিত্য অকাডেমী বঁটা বিজয়ী “ককাদেউতাৰ হাড়” উপনাসখনক সৰ্বকালৰ ধ্ৰুপদী বুলি উল্লেখ কৰা হৈছে। তেওঁ সৰ্বমুঠ ৫ খন উপন্যাস লিখিছিল। ইয়াৰ লগতে বৰুৱাই শিশুৰ বাবেও সাহিত্য ৰচনা কৰিছিল। তেওঁৰ ৰচনাসমূহো বিভিন্ন ভাষালৈ অনুবাদ কৰা হৈছে। ১৯৮৪ চনত তেওঁ “সীৰলু” নামৰ এক অসমীয়া আলোচনী প্ৰকাশ কৰে যিখন পৰৱৰ্তী সময়ত “নতুন সীৰলু” হিচাপে প্ৰকাশ পায়।[7]

কবিতা[সম্পাদনা কৰক]হে অৰণ্য হে মহানগৰ (১৯৫১)যতি আৰু কেইটামান স্কেচ্ছ (১৯৬০)এটি দুটি এঘাৰটি তৰা (১৯৫৭)ৰত্নাকৰ (১৯৮৬)ৰাৱণ(১৯৬৩)সূৰ্যমুখীৰ অঙ্গীকাৰ (১৯৯০)মোৰ আৰু পৃথিৱী (১৯৭৩)এখন স্বচ্ছ মুখাৰে (১৯৬০)দলঙত তামীঘৰা (১৯৯১)সম্ৰাট (১৯৬২)নিৰ্বাচিত কবিতা (ইংৰাজীত)অনুবাদ[সম্পাদনা কৰক]এশ কবিতাআহত মৰালনজৰুল ইছলামৰ কবিতামুক্তধাৰাকবিৰাই কয়উপন্যাস[সম্পাদনা কৰক]কপিলীপৰীয়া সাধু (১৯৫২)ককাদেউতাৰ হাড় (১৯৭৩)গৰমা কুৱঁৰী (১৯৮০)মানুহ আটাইবোৰ দ্বীপ (১৯৮০)পটাচাৰা (১৯৮৭)অ-পদাৰ্থ (১৯৮১)অহিংসাৰ জুই (অসমাপ্ত, ‘সীৰলু’ত প্ৰকাশিত)গীতৰ সংকলন[সম্পাদনা কৰক]মনৰ খবৰ (১৯৬৩)ভ্ৰমণ কাহিনী[সম্পাদনা কৰক]দেশে দেশে মোৰ দেশ (১৯৮৯)নাটক[সম্পাদনা কৰক]এটি গীতৰ জন্ম হ’লকুশ জাতকঅভিৰূপ নন্দাশিশু ৰচনা[সম্পাদনা কৰক]আখৰৰ জখলা (১৯৫৮)শিয়ালী পালেগৈ ৰতনপুৰ (১৯৫৫)ভ উকাৰে ভু (১৯৬০)মাখনৰ কুকুৰা পোৱালি (১৯৬২)মই টুনীয়ে টুন টুনালোঁ (১৯৮১)গোলাপ আৰু বেলিফুল (১৯৮১)মনত পৰা শব্দ (১৯৮৩)কিশোৰ ৰামায়ণ (১৯৮৭)মৰুৱা ফুল (সংকলন-সম্পাদন-১৯৮৪)বিবিধ[সম্পাদনা কৰক]মোৰে ভাৰতৰে (১৯৬২)অসমীয়া ছন্দ শিল্পৰ ভূমিকা (১৯৫৮)ৰমণীয় (১৯৬৩)কবিতাৰ দেহবিচাৰ (১৯৮৭)ভাষান্তৰ[সম্পাদনা কৰক]বিশ্বমানৱৰ অভিমুখে (মূল: ৰবীন্দ্ৰনাথ ঠাকুৰ)ৱাল্ট হুইট্মেনৰ এশ কবিতা (সাহিত্য অকাডেমিৰ দ্বাৰা প্ৰকাশিত)নজৰুল ইচলামৰ কবিতা (সাহিত্য অকাডেমিৰ দ্বাৰা প্ৰকাশিত)সুমিত্ৰানন্দন পন্তৰ কবিতা (অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিৰ দ্বাৰা প্ৰকাশিত)মুক্তধাৰা (মূল: ৰবীন্দ্ৰনাথ ঠাকুৰ)এলচেছটিছ (মূল:ইউৰিডিচ)হিন্দু-মুছলমানৰ যুক্ত সাধনা (মূল:ক্ষিতিমোহন সেন)আহত মৰাল (মূল: আলেকজেণ্ডাৰ পুস্কিনৰ- ‘The wounded Swan’সংকলন-সম্পাদনা[সম্পাদনা কৰক]ভাৰতীয় চাৰুকলাৰ ভূমিকাআধুনিক অসমীয়া অভিধানগাৰো-অসমীয়া-ইংৰাজী অভিধানৰবীন্দ্ৰ-চয়নিকা (ৰত্নকান্ত বৰকাকতিৰ সহযোগত)সীৰলু, নতুন সীৰলু, জোনবাই, পোহৰ

স্বীকৃতি আৰু সন্মান

[সম্পাদনা কৰক]

Leave a Reply

Your email address will not be published. Required fields are marked *

Review Your Cart
0
Add Coupon Code
Subtotal