Welcome To Kitap Ghar

Kitapghar.com is a place of book library where people get E-Books in cheap price rate.
We promise that we deliver all the books in a reliable price for everyone
THANK YOU FOR VISITING

Phone

+91 8134032713

Email

support@kitapghar.com

Address

Sivasagar,Assam

গৌৰী বৰ্মন

গৌৰী বৰ্মন (ইংৰাজী: Gauri Barman) অসমৰ এগৰাকী চিত্ৰশিল্পী, চলচ্চিত্ৰ পৰিচালক, তথ্যচিত্ৰ নিৰ্মাতা আছিল। ১৯৭০ৰ চাৰিজন পৰিচালকে চতুৰঙ্গ নামেৰে পৰিচালনা কৰা অপৰাজেয়়় ছবিৰ অন্যতম পৰিচালক আছিল।[1]

চমু জীৱনী

[সম্পাদনা কৰক]

১৯৩৬ চনত নলবাৰী জিলাৰ বেলশৰত বৰ্মনৰ জন্ম হয়। তেওঁ এজন চিত্ৰশিল্পী, ছবি পৰিচালক আৰু তথ্যচিত্ৰ নিৰ্মাতা আছিল। তেওঁ পৰিচালনা কৰা প্ৰথম ছবি অপৰাজেয়়় ১৯৭০ চনত মুক্তি পায়। বাংলা আৰু হিন্দী ছবিৰ বিশিষ্ট অভিনেত্ৰী ৰাখীয়ে অভিনয় কৰা এই ছবিখন গৌৰী বৰ্মন, ফণী তালুকদাৰ,অতুল বৰদলৈ আৰু মুনীন বায়নে চতুৰঙ্গ নামেৰে যুটীয়াভাবে পৰিচালনা কৰিছিল। স্বাধীনভাবে পৰিচালনা কৰা তেওঁৰ প্ৰথম ছবি হৃদয়ৰ প্ৰয়োজন[1]

তেওঁ প্ৰায় ৩০খন তথ্যচিত্ৰ আৰু দূৰদৰ্শনৰ ধাৰাবাহিক পৰিচালনা কৰিছে। ২০১২ চনত বৈদেশিক মন্ত্ৰালয়ে তেওঁক ‘অৱজেক্ট দ্য আৰ্ট কমিটি’ৰ সদস্য বাছনি কৰিছিল।[1] দূৰদৰ্শনৰ বাবে নিৰ্মাণ কৰা চক্ৰবেহু ধাৰাবাহিকখনৰ চিত্ৰনাট্য তেওঁ অৰ্ণৱ জান ডেকাৰে সৈতে যুটীয়াভাৱে লিখিছিল আৰু ডেকাক ধাৰাবাহিকখনৰ মুখ্য সহকাৰী পৰিচালকৰ দায়িত্ব দিছিল।[2]

আৱাহনৰামধেনুৰপৰা দৈনিক অসম, দৈনিক অগ্ৰদূতলৈকে অসমৰ আগশাৰীৰ কাকত-আলোচনীত তেওঁৰ লেখা নিয়মীয়াকৈ প্ৰকাশ হৈছিল।[2] জীৱনৰ শেষৰফালে তেখেতৰ গল্প আৰু কবিতা প্ৰান্তিকত প্ৰকাশ হৈছিল। তেওঁ পৰিচালনা কৰা চিনেমাসমূহ হ’ল- অপৰাজেয়়়হৃদয়ৰ প্ৰয়োজনঅকণ, যুগে যুগে সংগ্ৰাম আৰু আপোনজন। বৰ্মনে নিজৰ নৱ-নিৰ্মিত বাসভৱনত অকাডেমী অৱ ভিজুৱেল আৰ্ট নাম দি এটি শিক্ষানুষ্ঠান খুলিছিল।[2]

২০১৯ চনত আদ্য শৰ্মাৰ চতুৰ্খ মৃত্যু-বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি ‘জীৱনশিল্পী আদ্য শৰ্মা’ বঁটাৰে বৰ্মনক সন্মানিত কৰা হয়।[3] ২৯ অক্টোবৰ ২০২০ৰ দিনা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়।[1]

চলচ্চিত্ৰপঞ্জী

[সম্পাদনা কৰক]

  1. অপৰাজেয়়় (১৯৭০, যুটীয়াভাবে)
  2. হৃদয়ৰ প্ৰয়োজন (১৯৭২)
  3. অকণ (১৯৮০)
  4. যুগে যুগে সংগ্ৰাম (১৯৮৬)
  5. আপোনজন (১৯৯৫)

গ্ৰন্থপঞ্জী

[সম্পাদনা কৰক]

  • বিশ্ববিখ্যাত চলচ্চিত্ৰৰ গল্প (১৯৯৯, জাৰ্ণাল এম্প’ৰিয়াম)

Leave a Reply

Your email address will not be published. Required fields are marked *

Review Your Cart
0
Add Coupon Code
Subtotal